About The Author

জন্ম কহিমাত। পিতা ৰাধানাথ বৰুৱা প্ৰথমজন অসমীয়া, যি টেলিগ্রাফৰ প্ৰশিক্ষণ ল'বৰ বাবে অসমৰ বাহিৰলৈ গৈছিল আৰু আগ্রা,
কলিকতা আদি ঠাইত কাৰ্যনিৰ্বাহ কৰিছিল। কলিকতাত থকা সময়চোৱাতে অসমৰ পৰা যোৱা বিচিত্ৰনাৰায়ণ দত্তবৰুৱাক ছপাশাল কিনি দিয়া
কামত আগভাগ লৈছিল। কহিমাত অসমৰ এজন স্বনামধন্য সাহিত্যিক, উপায়ুক্ত সত্যেন বৰকটকীৰ সহযোগত জৱাহৰলাল নেহৰুক বিদ্রোহী
নগাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল। মাতৃ হৰিপ্ৰিয়া বৰুৱানী সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ আজু নাতিনী আৰু ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাৰ
ভনীয়েক। তেখেতে তাঁতৰ শালত বোৱা প্ৰথমখন হাঁচটি সম্বলপুৰত থকা বেজবৰুৱালৈ পাৰ্চেল কৰি পঠাই দিছিল। বেজবৰুৱায়ো লগে লগে
এখন চিঠি লিখি নাতিনীক 'হাঁচটি আইটি' নাম দি খুব ভাল শিপিনি হোৱাৰ ভৱিষ্যতবাণী কৰিছিল। ১৯৩৪ চনত যোৰহাটলৈ আহোতে মহাত্মা
গান্ধীয়ে 'লক্ষ্মী বেটী' বুলি কৈ আশীর্বাদ দিছিল। মামনি ৰয়চমৰ মাকৰ লগত মাত্ৰ এদিন শিৱসাগৰৰ এখন পঢ়াশালীলৈ যোৱা হৰিপ্ৰিয়া বৰুৱানীয়ে
ঘৰতে পঢ়াশুনা কৰি সুন্দৰকৈ অসমীয়া ইংৰাজী শিকি সুলেখিকা হিচাপে নিজকে প্রতিষ্ঠা কৰে। 'সুখ দুখৰ কত কথা' বহু তথ্যসম্বলিত, আত্মজীৱনীমূলক
কিতাপ। আন এখন কিতাপ হৈছে 'নাম'।
যোৰহাটৰ নামজ্বলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে বিকাশ বৰুৱাই লিখা আৰম্ভ কৰে। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত
পঢ়িবলৈ গৈ কম সময়তে এজন লেখক হিচাপে প্রতিষ্ঠিত হয় আৰু প্ৰচুৰ জনপ্রিয়তা অর্জন কৰে। সদৌ সাতভনী আন্তঃমহাবিদ্যালয় প্রতিযোগিতাত
ব্যংগ সাহিত্য আৰু আবৃতিত প্ৰথম স্থান অধিকাৰ কৰি অধিক নামজ্বলা হয়। 'এস্কল' আলোচনীত তেওঁৰ লেখনি সততেই দৃশ্যমান হৈ থাকে।
ডাক্তৰী পাছ কৰি ওলাই অহাৰ পাচত সেই সময়ৰ সকলোবোৰ অসমীয়া বাতৰিকাকত আৰু আলোচনীতে তেওঁৰ লেখনি নিয়মিত ৰূপে প্রকাশ
পাবলৈ ধৰে। বাতৰিকাকতৰ দেওবৰীয়া বিশেষ চ'ৰাটো তেওঁৰেই সৃষ্টি। 'মৌচাক' শিশু আলোচনীখনৰ জৰিয়তে সমগ্ৰ অসমৰ কণ কণ ল'ৰা-
ছোৱালীৰ মাজত তেওঁ যি ধৰণৰ জনপ্রিয়তা লাভ কৰে সেয়া অভূতপূর্ব। শিশুহঁতক 'মৌমাখি' নাম দিয়ে। সিহঁতৰ বাবে তেওঁ হ'ল অতি হেঁপাহৰ,
মৰমৰ 'বিকাশ মামা'। নিয়মীয়া শিতানৰ লগতে মৌমাখিহঁতৰ অজস্ৰ চিঠি-পত্ৰৰো উত্তৰ দিব লগা হৈছিল। ড. ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত
প্রকাশ পোৱা 'প্রান্তিক' আলোচনীত তেওঁৰ পদার্পণ প্ৰথমটো বছৰতেই। পোনপ্ৰথমে দৈনন্দিন শিতানতে লিখি আছিল যদিও তেওঁক এটা নিজস্ব
শিতান দিয়া হয়- 'ৰঞ্জন'। পাচলৈ 'ৰসালাপ'। এটা অতি জনপ্রিয় শিতান। অসমীয়া ব্যংগ সাহিত্যক এইটো শিতানে উচ্চতম শিখৰলৈ লৈ যায়।
প্রদীপ বৰুৱাৰ আত্মজীৱনীমূলক গ্রন্থ 'স্বগতোক্তি'ত বিকাশ বৰুৱাৰ বিষয়ে বিশেষভাবে উল্লেখ কৰা হৈছে। 'চেন্টিনেল' গোষ্ঠীৰ ৰাধিকামোহন
ভাগৱতী আৰু ধীৰেন্দ্ৰনাথ বেজবৰুৱাৰ দ্বৈত সম্পাদনাত বিদেশত থকা অসমীয়াসকলৰ বাবে হ'ম লিংক নামৰ যিখন বাতৰিকাকত আৰম্ভ কৰা
হ'ল তাত বছা বছা কেইগৰাকীমান ব্যক্তিৰ সতে ব্যংগ শিতানত একমাত্র বিকাশ বৰুৱাইহে স্থান লাভ কৰাটো গুৰুত্বপূৰ্ণ বিষয়। বিদেশত পাঠকৰ
মতামত বিচাৰোতে সকলোৱে তেওঁৰেই নাম লয়। শিতানটোৰ নাম 'তৃতীয় মত'।
'সাদিন'ৰ শেষ পৃষ্ঠাটো যেন তেওঁৰ বাবে বিশেষভাবেহে সংৰক্ষিত কৰি থোৱা হয়। নোকোৱা কথা নিদিয়া খবৰ, লঘুগুৰু, বদহজম,
ৰঞ্জন, ৰসালাপ, বেফিকিৰ চিন্তা, নলগা জেঙা, ইটো সিটো বহুতো, অসমীয়া প্রতিদিন কাকতৰ সম্পাদকীয় পৃষ্টাত ভদ্ৰ বৰাৰ 'তৌবা তৌবা'ৰ
কাষতে নিয়মীয়াকৈ প্রকাশ পোৱা 'ওভোতা কলম' আদি শিতানবোৰৰ জনপ্রিয়তা অতিকৈ ঈর্ষণীয়। 'আমাৰ অসম'ত ঘাইকৈ ছিৰিয়াচ প্ৰৱন্ধ আৰু
দেওবৰীয়া সম্পাদকীয়হে লিখে যদিও কবিতা, গীত, ব্যংগৰ চর্চ্চাও পূৰাদমেই চলি থাকে। দৈনিক অসম, আজিৰ অসম, নিয়মীয়া বার্তা, খবৰ,
এদিন, অসম বাণী, আইনা, গৰীয়সী, যাত্রিক, উন্মীলন, মায়া, ৰংঘৰ, ত্রিশূল আদি অসমৰ প্ৰায় প্ৰতিখন কাকত-আলোচনী, আৰু স্মৃতিগ্ৰন্থত তেওঁৰ
লেখনি নিয়মীয়াকৈ প্রকাশ পায়। নৱবৰ্ষ, বিহু, পূজা আদিৰ উপলক্ষ্যে বিশেষ তাগিদাত প্রথম পৃষ্ঠাৰ বাবে সদায়ে লিখি আহিছে। প্রায় আটাইবোৰ
কাকত-আলোচনীতে লিখি থকা একমাত্র লেখক। লুইতৰ পৰা মিছিছিপি, এশ বছৰৰ অসমীয়া সাহিত্য, দুশ বছৰীয়া যোৰহাট.. এই সকলোবোৰতে
বিকাশ বৰুৱাৰ নাম জিলিকি আছে। 'ধুমুহা' আলোচনী আৰু জিমখানা ক্লাবৰ ডেড়শ বছৰীয়া বিশেষ স্মৃতিগ্ৰন্থৰ সম্পাদক।
'জনসাধাৰণ' কাকতৰ দেওবৰীয়া পৰিপূৰিকা 'ইত্যাদি'ত সোঁমাজৰ দুটা মুখামুখি ৰঙীণ পৃষ্ঠাৰে তেওঁক যি বিশেষ মর্যাদা প্রদান কৰা
হ'ল, সেয়া অভূতপূর্ব। আহল-বহলকৈ, বৃহৎ কার্টুনেৰে সৈতে ছপা হোৱা বিকাশ বৰুৱাৰ গল্প সংবাদ জগতত প্ৰথম আৰু একমাত্ৰ। আন লেখকৰ
ক্ষেত্ৰত তেনে ধৰণৰ সজ্জা এতিয়ালৈকে চকুত পৰা নাই। ঐতিহাসিক প্ৰৱন্ধ 'শেষ বুলেটটোৰে মোক হত্যা কৰক' সৰ্বকালৰ অন্যতম শ্রেষ্ঠ প্ৰৱন্ধ।
ইয়াৰ ফটোষ্টেট কপি দেশে-বিদেশে ঘৰে ঘৰে বিয়পি পৰিল। ৱাছিংটনত থকা বিশ্ববেংকৰ জেৰক্স মেচিনত প্রখ্যাত অর্থনীতিবিদ জীতেন্দ্রগোপাল
বৰপূজাৰীয়ে নিজহাতে এশটা কপি উলিয়াই আমেৰিকাত বিলাই দিলে। অনা-অসমীয়া মানুহেও পঢ়ি অভিভূত হ'ল। তেওঁৰ লেখনিৰ অনুবাদ
অন্য ভাষাৰ মানুহক শুনোৱাটো হেমেন বৰুৱা, ভূপেন হাজৰিকা আদিৰ বাবে অভ্যাসত পৰিণত হৈ পৰিল। আমেৰিকাত ড. দিলীপ দত্তই নিতৌ
'এক অধ্যায়কৈ' পঢ়ি বিকাশ বৰুৱাৰ কিতাপ গাৰুৰ তলত থৈ দিয়ে।
সাহিত্য অকাডেমিয়ে বিকাশ বৰুৱাক লৈ গড়গাওঁ মহাবিদ্যালয়ত বিশেষ সাহিত্য চ'ৰাৰ আয়োজন কৰে।
আজুককা লক্ষীনাথ বেজবৰুৱাৰ দৰেই বিকাশ বৰুৱাই কেৱল ব্যংগ সাহিত্যতে নিজক আৱদ্ধ কৰি নাৰাখি সাহিত্যৰ বাকীবোৰ বিভাগো
সমানেই চর্চ্চা কৰি আহিছে। ধাৰাম, ধিচুম, অন্ধৰজাৰ বন্ধপ্রদেশ, গাধাৰশিলা, ঠেংচুই, ৰৱ, ধুপুচ, যি ক'ম মিছা ক'ম, শালমইনা টু থাউজেণ্ড, চটপ,
ধমক, ঔ, ৰজাৰ দৰে, নমৰিবি ৰ, ধমক পাকৰ, শ্ৰীমতী কিংকং আদি অতি জনপ্রিয় আৰু বিখ্যাত ব্যংগ সংকলন সমূহৰ উপৰিও অনুপম শিশু
সাহিত্যকে আদি কৰি সমাজ, ৰাজনীতি, মানৱতা, সংগীত, শিল্প, চিনেমা, খেলাধুলাক লৈ তত্বগধুৰ অথচ সৰল ভাষাত অগণন প্ৰৱন্ধৰ সংকলন
'শেষ বুলেট', ভ্রমণ কাহিনী লাষ্ট ষ্টপেজ চাণ্টামনিকা, আফ্রিকা দর্শন, নীল নদীৰ আশে পাশে, বিশ্ব দর্শন, গীত আৰু কবিতাৰ পুথি 'এয়া মোৰ
আইৰ হৃদয়', অসমীয়া গ্রন্থজগতত ঐতিহাসিক দলিলস্বৰূপ আৰু বহুমূল্যৱান বিশাল আকাৰৰ স্বাস্থ্য আৰু চিকিৎসা অভিধান, ড্রাগন্থ, ষ্ট্র'ক এণ্ড
ৰিহেবিলিটেছন আদি সকলোবোৰ গ্ৰন্থই অতিকৈ সমাদৃত। কিছুমান কিতাপ বিদেশতো অসমীয়া পৰিয়ালৰ ঘৰে ঘৰে। সমস্ত লেখনি আৰু সকলোবোৰ
কিতাপৰ ছপাকাম, বেটুপাত আদি নিজে কৰে। অভিধানখনৰ বাবে দুটামান জটিল যুক্তাক্ষৰ নিজেই কম্পিউটাৰত তৈয়াৰ কৰি লৈছে। বন্ধপ্রদেশ,
মহাদানৱ, ব্ৰহ্মাণ্ডবিখ্যাত, বিহুমোদী, পূজামোদী, পত্নীতুল্য, দন্তবিস্ফোৰক, অসূৰ্য্যডুবাদ্বীপেশ্বৰী (সূৰ্য্য ডুব নোযোৱা দ্বীপৰ ৰাণী), হৃদশিলা,
মেৰুখণ্ড, ঘর্মগ্রন্থি, ৰক্তাশয় আদি বহুতো শুৱলা, অৰ্থৱহ শব্দ তেওঁৰ নিজা সৃষ্টি। 'এবিবিএচ'ৰ অন্তৰ্গত 'বিএচ' অংশৰ প্ৰকৃত অৰ্থ অভিধানখনত
লিপিবদ্ধ হৈছে। অসংখ্য নাটকৰ ভিতৰত তৰিলে দেশ মৰিলে স্বৰ্গ, নগৰত জগৰ, পটেট'ৰ বিলৈ, শালমইনা টু থাউজেণ্ড, ইয়াতেই সৰগ,
মহাপ্রলয়, ঝেং, মেডিকেলৰ লাঠি, নমৰিবি ৰ.. আদি অগণন নাটক মঞ্চ, টিভি, ৰেডিঅ', চিডি অথবা কেছেটত উপলব্ধ। তেওঁৰ গীতত কণ্ঠদান
Dr. Bikaas Barooa